গোলকীয় বায়ু প্রদূষণৰ বাবে চীন–ৰাছিয়াৰ লগতে ভাৰতকো দোষাৰোপ কৰিলে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷
সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত ৰাষ্ট্রপতি ট্রাম্পে তেওঁৰ শাসনকালত আমেৰিকাই পৰিৱেশ পৰিচ্ছন্ন কৰাৰ বাবে বিভিন্ন কাম কৰি থকা বুলি উল্লেখ কৰে৷ ৰাষ্ট্রপতিগৰাকীয়ে কয় যে আমেৰিকা হৈছে শ্রেষ্ঠ পৰিৱেশমূলক৷
ইয়াৰ বিপৰীতে চীন, ৰাছিয়া আৰু ভাৰতৰ লেখীয়া দেশসমূহে বায়ু প্রদূষণ বৃদ্ধি কৰি আছে৷ চিৰ প্রতিদ্বন্দ্বী চীনক দোষাৰোপ কৰাৰ লগতে ভাৰতকো বায়ু প্রদূষণৰ বাবে জগৰীয়া কৰি ট্ৰাম্পে কয় যে পেৰিছ জলবায়ু চুক্তিৰ পৰা চীন আৰু ভাৰতৰ লেখীয়া দেশসমূহ লাভৱান হৈছে৷ ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রৰ কোনো লাভ হোৱা নাই৷ এইক্ষেত্রত দেশখনৰ বিৰুদ্ধে অন্যায় কৰা হৈছিল৷