প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত ৱেবছাইট হেক ;ডার্ক ৱেবত ফাদিল গুৰুত্বপূর্ণ তথ্য

ব্যক্তিগত টুইটাৰ একাউণ্ট হেক হোৱাৰ পাছত এইবাৰ প্রধানমন্ত্রীগৰাকীৰ ব্যক্তিগত ৱেবছাইট হেক কৰা হৈছে৷ প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত ৱেবছাইটত থকা বিভিন্ন গুৰুত্বপূর্ণ তথ্য ডার্ক ৱেবত ফাদিল হোৱাক লৈ ব্যাপক চর্চা হৈছে৷ ডার্ক ৱেবত ফাদিল হোৱা তথ্যৰ ভিতৰত ৫,৭৪,০০০ ইউজাৰৰ তথ্যৰ ভিতৰত ব্যক্তিসকলৰ নাম, ই–মেইল ঠিকনা আৰু ম’বাইল নম্বৰো আছে৷ আনপিনে, প্রধানমন্ত্রীগৰাকীৰ ৱেবছাইটত ২,৯২,০০০তকৈও অধিক লোকৰ তথ্য আছে৷ চাইবাৰ ছিকিউৰিটী ফার্ম ছাইবলে দাবী কৰা মতে, যোৱা ১০ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীক ব্যক্তিগত ৱেবছাইট হেক হৈ ডার্ক ৱেবত তথ্যসমূহ ফাদিল হৈছে৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ ৱেবছাইটৰ তথ্য ফাদিল হোৱা বুলি আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ কৰা নাই চৰকাৰে৷

Comments (0)
Add Comment