আশাব্যঞ্জক;ভাৰতীয়ৰ দেহত পৰীক্ষণ হ’ব ৰাছিয়ান ভেকচিন ‘স্পুটনিক-ভি’

মহামাৰী ক’ভিড–১৯ৰ ভেকচিনক লৈ দেশবাসী উৎকণ্ঠাৰে বাট চাই আছে৷ দেশত ক’ভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষণ বিভিন্ন পর্যায়ত চলি আছে৷ ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন ‘স্পুটনিক ভি’ৰ মানৱ দেহত পৰীক্ষণক লৈ ভাৰতত অনিশ্চয়তা চলি আহিছে যদিও শনিবাৰে এই ভেকচিনটোৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ কৰিছে৷ ড০ ৰেড্ডিছ লেবৰেটৰিজ লিমিটেড আৰু ৰাছিয়াৰ ডাইৰেক্ট ইনভেষ্টমেন ফাণ্ড, ৰাছিয়াৰ ছ’ভাৰেল ৱেল ফাণ্ডে ভাৰতত যুটীয়াভাৱে ‘স্পুটনিক ভি’ৰ পৰীক্ষণ চলাব৷ ড্রাগ কণ্ড্র’ল জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই) ‘স্পুটনিক ভি’ৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্রদান কৰা বুলি প্রেছ বিজ্ঞপ্তিযোগে হায়দৰাবাদস্থিত ড০ ৰেড্ডিছ লেবৰেটৰিজ লিমিটেডে প্রকাশ কৰিছে৷ইপিনে ক’ভিড ভেকচিনক লৈ দেশৰ অগ্রণী প্রতিষ্ঠান ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ডিচেম্বৰৰ শেষলৈকে ভাৰতত ২০০–৩০০ নিযুত ড’জ ক’ৰোনা ভাইৰাছৰ ভেকচিন সাজু হ’ব বুলি ঘোষণা কৰিছে৷ এছ আই আইৰ কার্যবাহী সঞ্চালক ড০ সুৰেশ যাদৱে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, ডিচেম্বৰত ২০০–৩০০ নিযুত ভেকচিন ড’জ ক’ৰোনা ভাইৰাছৰ ভেকচিন সাজু হ’ব আৰু চূড়ান্ত পৰীক্ষণৰ ভেকচিন ২০২১ৰ মার্চৰ ভিতৰত উপলব্ধ হ’ব৷ অৱশ্যে ডি চি জি আয়ে অনুমতি দিব লাগিব৷ ডি চি জি আয়ে অনুমতি দিলে এই ভেকচিন মুকলি কৰিব পৰা যাব৷ হিল ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ফার্মা এক্সলেঞ্চ ই ছামিট ২০২০ সম্বোধন কৰি ড০ সুৰেশ যাদৱে এই কথাও উল্লেখ কৰে যে এছ আই আইৰ চি ই অ’ আদৰ পুনাৱালাই ইতিমধ্যে ছিৰামে এবছৰত ৭০০–৮০০ নিযুত ভেকচিন ড’জ উৎপাদন কৰিব পাৰে বুলি ঘোষণা কৰিছে৷

Comments (0)
Add Comment