অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বেংক একাউণ্ট হ’ব বাধ্যতামূলক।এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। দ্বাদশ শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক হ’ব ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট। সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে জিৰ’ বেলেঞ্চৰ একাউণ খোলা হ’ব।চৰকাৰে আগবঢ়োৱা সা-সুবিধা যাতে ছাত্ৰ-ছাত্ৰীলৈ ডাইৰেক্ট ট্ৰেন্সফাৰ কৰিব পৰা যায়,তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিবলৈ অসম সৰ্বশিক্ষা অভিযান মিছনে জিলা শিক্ষা বিষয়ালৈ নিৰ্দেশনা জাৰি কৰিছে।অহা ৩০ নৱেম্বৰৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন হ’ব।