কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৱৰ শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি।
অসম তথা উত্তৰ-পূৱৰ শিক্ষাৰ্থীক ৫৪০০ টকা আৰু ৭,৮০০ টকাকৈ আগবঢ়াব স্ক’লাৰশ্বীপ ।
ঈষাণ উদয় স্ক’লাৰশ্বীপৰ অধীনত আগবঢ়োৱা হ’ব এই ধনৰাশি।
স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এই স্ক’লাৰশ্বীপ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে ।
সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীলৈ মাহে আগবঢ়োৱা হ’ব ৫,৪০০ টকা আৰু কাৰিকৰী আৰু বিত্তীমুখী পাঠ্যক্ৰম পঢ়ি থকা সকলৰ বাবে ৭,৮০০ টকাকৈ আগবঢ়োৱা হ’ব।
স্ক’লাৰশ্বীপৰ সুবিধা গ্ৰহণ কৰিবলৈ অহা ৩১ অক্টোবৰৰ ভিতৰত ‘ugc.ac.in’, ‘scholarships.gov.in’ত আবেদন কৰিব পাৰিব ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে ।
এই স্ক’লাৰশ্বীপ কেৱল স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে আগবঢ়োৱা হ’ব।
অভিভাৱকৰ বাৰ্ষিক আয় ৪.৫ লাখতকৈ কম হোৱা ছাত্ৰ-ছাত্ৰীয়েহে লাভ কৰিব এই স্ক’লাৰশ্বিপ।