মহাৰাষ্ট্রৰ বিজেপি দুর্গত সৃষ্টি হৈছে ধুমুহা৷জ্যেষ্ঠ বিজেপি নেতা একনাথ খাড়ছেই কালি গেৰুৱা শিবিৰ ত্যাগ কৰি ৰাষ্ট্রীয়তাবাদী কংগ্রেছ দল (এনচিপি)ত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে বিজেপি দুর্গত সৃষ্টি হৈছে ধুমুহা৷ মহাৰাষ্ট্রত প্রায় ৩৫ বছৰ ধৰি বিজেপি দুর্গৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব প্রদান কৰি আহিছিল খাড়ছেই৷ কিন্তু নেতাগৰাকীৰ পদত্যাগৰ লগে লগে মহাৰাষ্ট্রত অ’বিচি ভোটবেংকত বিভাজন সৃষ্টি হ’ব বুলি ধাৰণা কৰিছে নির্বাচনী বিশ্লেষকসকলে৷ স্মর্তব্য যে গোপীনাথ মুণ্ডেৰ মৃত্যুৰ পিছত মহাৰাষ্ট্রত অ’বিচিৰ একমাত্র প্রভাৱশালী নেতা হিচাপে খাড়ছেৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল বিজেপিয়ে৷কিন্তু খাড়ছেৰ পদত্যাগৰ লগে লগে মহাৰাষ্ট্রত বিজেপিৰ দুর্গত সৃষ্টি হৈছে কঁপনি৷ কাৰণ প্রাক্তন মুখ্যমন্ত্রী ফাডনাৱিজৰ সৈতে বিজেপি দুর্গক সবল কৰাত গুৰুত্ব প্রদান কৰিছিল খাড়ছেই৷