বিপদে লগ এৰা নাই অৰ্ণৱ গোস্বামীৰ;পুনৰ জাৰি কৰা হৈছে চমন

পুনৰ বিপদত পৰিল দেশৰ অন্যতম ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী।অহা ৭নবেম্বৰত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ তদন্তকাৰী বিষয়াৰ ওচৰত সোঁশৰীৰে হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে অৰ্ণৱ গোস্বামীক।টিআৰপিৰ জালিয়াতিৰ গোচৰত অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে থানাত হাজিৰ হ’বলৈ তৃতীয় বাৰৰ বাবে চমন জাৰি কৰিছে।উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে চমন জাৰি কৰা হৈছিল যদিও দুয়োবাৰে তেঁও তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱা নাছিল।কিন্তু এইবাৰ মুম্বাই আৰক্ষীয়ে চমন জাৰি কৰাত আইনগতভাৱে অৰ্ণৱ গোস্বামীয়ে তদন্তকাৰী আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ বাধ্য হয়।

Comments (0)
Add Comment