ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ নাম ৷
সুনীল যোশী নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা নৱেম্বৰ–ডিচেম্বৰত খেলিবলগীয়া ৩খন টি-২০, ৩খন এদিনীয়া,আৰু ৪ খন টেষ্ট শৃংখলালৈ ঘোষণা কৰিলে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম ৷
IPL ৰ পিছতে আৰম্ভ হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে ঘোষিত দলকেইটাৰ পৰা বাহিৰ হৈছে অ’পেনাৰ ৰোহিত শর্মা৷হেমষ্ট্রিঙৰ আঘাতৰ বাবে তাৰকাগৰাকীক দলত অন্তর্ভুক্ত কৰা নাই বুলি নির্বাচক মণ্ডলীয়ে সদৰী কৰিছে ৷
ৰোহিত শৰ্মাৰ স্থানত মায়ংক আগৰৱালে টি–২০ আৰু এদিনীয়া দলত স্থান লাভ কৰিছে ৷ IPL ত কলকাতা নাইট ৰাইডার্ছৰ হৈ চমকপ্রদ প্রদর্শন কৰা উদীয়মান স্পিনাৰ বৰুণ চক্রৱর্তীয়ে স্থান লাভ কৰিছে ভাৰতীয় টি–২০ দলত৷ উইকেটৰক্ষক ঋষভ পণ্ট অ’ভাৰৱেটৰ বাবে টি–২০ আৰু এদিনীয়া দলৰ পৰা বাদ পৰিছে ৷
কোন কোন থাকিব দল সমূহত চাওক
টি–২০ দলটো: কোহলি (অধিনায়ক), ধাৱন, মায়ংক, কে এল ৰাহুল (সহঃ অধিনায়ক, উইকেটৰক্ষক), শ্রেয়াছ আয়াৰ, মনীষ পাণ্ডে, হার্দিক, সঞ্জু ছেমছন, জাদেজা, ৱাশ্বিংটন, ছাহাল, বুমৰাহ, ছামি, নৱদীপ ছাইনী, দীপক চহৰ আৰু বৰুণ চক্রৱর্তী
এদিনীয়া দলটো: কোহলি (অধিনায়ক), ধাৱন, শুভমন, ৰাহুল, আয়াৰ, পাণ্ডে, হার্দিক, মায়ংক, জাদেজা, ছাহাল, কুলদীপ, বুমৰাহ, ছামি, ছাইনী আৰু ছার্দুল
টেষ্ট দলটো: কোহলি (অধিনায়ক), মায়ংক, পৃথ্বিশ্ব, ৰাহুল, পূজাৰা, ৰাহানে, বিহাৰী, শুভমন, শ্বাহা, পণ্ট, বুমৰাহ, ছামি, উমেশ, ছাইনী, কুলদীপ, জাদেজা, ৰবিচন্দ্রন অশ্বিন, আৰু মহম্মদ চিৰাজ৷