কোন হ’ব পৰৱৰ্তী মুখ্য সচিব ? কাৰ কাৰ নাম আছে পৰৱর্তী মুখ্য সচিবৰ তালিকাত ?

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৩১ অক্টোবৰত অৱসৰ গ্রহণ কৰিব ।কুমাৰ সঞ্জয় কৃষ্ণৰ স্থানত পৰৱর্তী মুখ্য সচিব কোন হ’ব সেই বিষয়লৈ এতিয়া দিছপুৰত চলিছে ব্যাপক চিন্তা- চৰ্চা।

খবৰ অনুসৰি, ৰাজ্য চৰকাৰে পৰৱর্তী মুখ্য সচিবৰ বাবে প্রস্তুত কৰিছে এখন ৫জনীয়া তালিকা ৷

তালিকাৰ আছে ভি এছ ভাস্কৰ, আইএএছ বিষয়া হ’ল ক্রমে ৰবি কাপুৰ, জিষ্ণু বৰুৱা, সৰস্বতী প্রসাদ আৰু মণিন্দৰ সিং৷

এইক্ষেত্রত আটাইকেইজনৰ ভিতৰত জ্যেষ্ঠ আই এ এছ বিষয়া হিচাপে ভি এছ ভাস্কৰৰ নাম অধিক চৰ্চাত আছে ৷

১৯৮৫ বেটচৰ আই এ এছ বিষয়া ভি এছ ভাস্কৰ
বর্তমান প্রশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষৰ দায়িত্ব বহন কৰি আছে ।

গৃহ-ৰাজনৈতিক বিভাগৰ লগতে আন কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা হ’ল ১৯৮৮ বেটচৰ আই এ এছ বিষয়া ৷

১৯৮৯ বেটচৰ আই এ এছ বিষয়া অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং বৰ্তমান উচ্চ শিক্ষা বিভাগ, খাদ্য আৰু যোগান বিভাগৰ দায়িত্ব বহন কৰি আছে ।

তালিকাত থকা ৰবি কাপুৰ আৰু সৰস্বতী প্রসাদ বর্তমান কেন্দ্রীয় চৰকাৰৰ অধীনত ডেপুটেচনত আছে ৷

কুমাৰ সঞ্জয় কৃষ্ণৰ কার্যকাল বৃদ্ধিৰ বাবে এক প্রস্তাৱ উত্থাপিত হৈছিল। যদিও শেহতীয়াকৈ সঞ্জয় কৃষ্ণৰ ভাতৃ আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ আই এছ কেলেংকাৰিত জড়িত হৈ পৰা ঘটনাৰ পিছত সঞ্জয় কৃষ্ণৰ কার্যকাল বৃদ্ধি নকৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷

এনে পৰিপ্রেক্ষিতত ৰাজ্যৰ পৰৱর্তী মুখ্য সচিবৰ দায়িত্ব কাৰ ওপৰত অর্পণ কৰিব, তাক লৈ চলিছে ব্যাপক চৰ্চা ।

Comments (0)
Add Comment