শীর্ষ নেতা হিচাপে দুটা কার্যকালতকৈ অধিক সময় দায়িত্বত থাকিব নোৱাৰাৰ সাংবিধানিক বাধ্যবাধকতাৰ অন্ত পেলোৱাৰ প্রচেষ্টা চলাইছে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে ৷ৰাষ্ট্রপতি ঝি জিনপিঙৰ দ্বিতীয়টো কার্যকাল অন্ত পৰিব ২০২২ চনত৷ কিন্তু দেশখনৰ কমিউনিষ্ট পার্টীৰ চাৰিদিনীয়া অভিৱর্তনত ৰাষ্ট্রপতি ঝি জিনপিঙে চীনৰ আধুনিকীকৰণ অভিযান তথা উন্নয়নৰ ওপৰত আগবঢ়োৱা আঁচনি সন্দর্ভত আহি পৰে বিতর্ক৷ ঝি জিনপিঙে দেশখনক এক প্রযুক্তি ক্ষেত্রত আত্মনির্ভৰশীল শক্তি হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে৷ ২০৩৫ চনলৈকে ৰাষ্ট্রপতিগৰাকীয়ে চীনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্রত কি ভূমিকা গ্রহণ কৰিব সেই সন্দর্ভত শাসকীয় কমিউনিষ্ট পার্টীৰ চাৰিদিনীয়া অভিৱর্তনত সবিশেষ উল্লেখ কৰা নাই যদিও কমিউনিষ্ট পার্টীৰ সদস্যসকলে এই বিষয়টো সন্দর্ভত সন্দেহ প্রকাশ কৰে৷ লগে লগে ৰাষ্ট্রপতিগৰাকীয়ে সংবিধান সংশোধনৰ বিষয়টো উত্থাপনৰ পৰা বিৰত থাকে৷ স্মর্তব্য যে ১৯৮২ চনত ডেং ঝিয়াওপিঙে চীনৰ ৰাষ্ট্রপতিৰ বাবে এটা কার্যকালৰ সাংবিধানিক সীমাবদ্ধতা ভংগ কৰিছিল৷ তেতিয়াৰে পৰা চীনৰ ৰাষ্ট্রপতিয়ে দুটা কার্যকালতকৈ অধিক সময় শাসনত থকাৰ পথ মুকলি হৈ আছে৷ অৱশ্যে দুটা কার্যকালতকৈ অধিক সময় কোনো নেতাই ৰাষ্ট্রপতিৰ পদত অধিষ্ঠিত হৈ থকা নাই৷ মাও চে তুঙৰ পিছত চীনা কমিউনিষ্ট পার্টীৰ আটাইতকৈ প্রভাৱশালী নেতাগৰাকী ঝি জিনপিং৷ গতিকে জিনপিঙৰ ওপৰত নির্ভৰ কৰিছে ভৱিষ্যৎ চীনৰ শাসন ব্যৱস্থা৷ যদি ২০২২ চনৰ পিছত ৰাষ্ট্রপতিগৰাকীয়ে সংবিধানৰ সুৰুঙা উলিয়াই পুনৰ একেটা পদত আৰোহণ কৰে, তেন্তে ২০৩৫লৈ চীন হৈ পৰিব অধিক ক্ষমতাশালী৷ ইয়াৰ উপৰি বিশ্বজুৰি চীনৰ আগ্রাসী চৰিত্র বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ স্মর্তব্য যে চীনা কমিউনিষ্ট পার্টীৰ সাধাৰণ সম্পাদকৰ দায়িত্বও ন্যস্ত হৈ আছে জিনপিঙৰ ওপৰত৷