ফ্ৰান্সৰ পিছত এইবাৰ কিউবেকত সন্ত্ৰাসবাদীৰ আক্ৰমণ;দুজনৰ মৃত্যু ৫জন আহত

ইছলামিক সন্ত্ৰাসবাদীৰ শেহতীয়া লক্ষ্য হৈ পৰিছে ইউৰোপ।বিগত কিছুদিন ধৰি ফ্ৰান্স,ৰাছিয়া আৰু আৰু কানাডাত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে সন্ত্ৰাসবাদীয়ে।প্ৰায় ৯%মুছলমান জনবসতি থকা ফ্ৰান্স চহৰত যোৱা এমাহৰ ভিতৰত কেইবাটাও আক্ৰমণ সংঘটিত কৰে ইছলামিক সন্ত্ৰাসবাদীৰ গোটে।তাৰ মাজতে পুনৰ কালি ইছলামিক আততায়ীৰ লক্ষ্য হয় কানাডাৰ কিউবেক চহৰ। কানাডাৰ সংসদ ভৱনৰ সমীপত ছদ্মৱেশ ধাৰন কৰি কৰা সন্ত্ৰাসবাদীয়ে দুজনকৈ লোকক তৰোৱালেৰে ঘপিয়াই হত্যা কৰাৰ লগতে আন ৫জন লোকক গুৰুতৰভাৱে আহত কৰে।আনহাতে ফ্ৰান্সৰ পিছত এইবাৰ কানাডাত সংঘটিত হোৱা এনে মৌলবাদী আক্ৰমণৰ ফলত ইউৰোপ মহাদেশৰ লগতে বিশ্ববাসীকো স্তম্ভিত কৰি তুলিছে।

Comments (0)
Add Comment