ইংৰাজীলৈ অনুবাদ হ’ল অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ কালজয়ী উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’।

সুদীৰ্ঘ ৭৫ বছৰৰ পিছত ইংৰাজীলৈ অনুবাদ হ’ল কালজয়ী উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’।১৯৪৫ চনত ভুৱনমোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামৰে লিখি উলিয়াইছিল এইখন উপন্যাস।যোৱা ৭৫ বছৰে উপন্যাসখন ইংৰাজী অনুবাদ হোৱা নাছিল। কিন্তু ৭৫ বছৰৰ অন্তত লেখক, অনুবাদক আৰু গৱেষক ছেলিম এম হুচেইনে এই কাম হাতত লয় ।ইতিমধ্যে তেওঁ অনুবাদৰ কাম সমাপ্ত কৰিছে। কিছু পৰীক্ষণ আৰু আৰ্হি কাকত পঢ়াৰ পিছতেই ছপাশাললৈ যাব এই অনুবাদ সাহিত্য।অসমৰ কামৰূপ জিলাৰ নিবাসী হুছেইনে ২০১৫ চনতে এই কাম হাতত লৈছিল। ইংৰাজী অনুবাদতো তেওঁ গ্ৰন্থখনৰ নামটো ‘অসীমত যাৰ হেৰাল সীমা’ (Asimot Jar Heral Sima) ৰখাৰ পৰিকল্পনা কৰিছে।

Comments (0)
Add Comment