ইউৰোপত আততায়ীৰ ধাৰাবাহিক আক্ৰমণ;এইবাৰ বিয়েনাত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ——

ইছলামিক সন্ত্ৰাসবাদীৰ শেহতীয়া লক্ষ্য হৈ পৰিছে ইউৰোপ।বিগত কিছুদিন ধৰি ফ্ৰান্স,ৰাছিয়া আৰু আৰু কানাডাত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে সন্ত্ৰাসবাদীয়ে।এমাহৰ ভিতৰত ইউৰোপৰ কেইবাটাও স্থানত আক্ৰমণ সংঘটিত কৰে ইছলামিক সন্ত্ৰাসবাদীৰ গোটে।তাৰ মাজতে সোমবাৰে আততায়ীৰ লক্ষ্য হয় অষ্ট্ৰিয়াৰ ৰাজধানী বিয়েনা।অষ্ট্ৰিয়াৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সোমবাৰে (স্থানীয় সময়) এটা ইহুদি উপাসনাস্থলীৰ ওচৰত অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে স্থানীয় লোকৰ ওপৰত ধাৰাবাহিকভাৱে গুলীবৰ্ষণ কৰে।যাৰ ফলত থিতাতে ৭জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়।

আনহাতে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ এজন আক্ৰমণকাৰীক কৰায়ত্ত কৰে যদিও আনকেইজন সন্ত্ৰাসবাদী পলাই সাৰিবলৈ সক্ষম হয়। বিয়েনা আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ৬টা স্থানত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়।
আনহাতে ফ্ৰান্সৰ পিছত এইবাৰ কানাডাত সংঘটিত হোৱা এনে মৌলবাদী আক্ৰমণৰ ফলত ইউৰোপ মহাদেশৰ লগতে বিশ্ববাসীকো স্তম্ভিত কৰি তুলিছে।

Comments (0)
Add Comment