আৰম্ভ হ’ল ২০২১ৰ হজ যাত্ৰাৰ পঞ্জীয়ণ কাৰ্যসূচী।ক’ৰোনা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য ৰাখি এইবাৰ জাৰি কৰা হৈছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা।যাত্ৰাৰ বাবে পঞ্জীয়ণ কৰিবলৈ আবেদনকাৰীসকলে জমা দিব লাগিব ক’ভিড ১৯ নিগেটিভৰ প্ৰমাণ পত্ৰ।জানিব পৰা ম’তে ৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ণ কাৰ্যসূচী।পঞ্জীয়ণৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ বুলি জানিব পৰা গৈছে।