বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি

বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি।দখলমুক্ত হ’ল ৩য় আৰু ৫ম সংযোজনৰ অন্তৰ্ভুক্ত ভূমি।পানবাৰীৰ ৬৯.৭৬ হেক্টৰ আৰু হালধীবাৰীৰ ১১৫.৩৬ হেক্টৰ ভূমি বেদখলমূক্ত হ’ল।বোকাখাত প্ৰশাসনে বহু পৰিমাণৰ ভূমি গতালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতেই বেদখলমুক্ত কৰা হয় এই ভূমি সমূহ।বেদখলমুক্ত অঞ্চলত শিবিৰ স্থাপন কৰিব উদ্যান কৰ্তৃপক্ষই।অচিৰেই আন্তঃগাথনি উন্নয়নৰ কামো আৰম্ভ কৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰী কৰে।

Comments (0)
Add Comment