দিন বেয়া চলিছে ট্ৰাম্পৰ;গাদী গ’ল,এইবাৰ যাব লেডী—-

ড’নাল্ড ট্ৰাম্পৰ ওপৰত শনিৰ কোপদৃষ্টি পৰিছে।ৰাষ্ট্ৰপতি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইও ট্ৰাম্পৰ মুখৰ আগৰ পৰা হোৱাইট হাউছ কাঢ়ি নিলে জ’ বাইডেন-কমলা হেৰিছ যুটীয়ে।নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ এফালে বাইডেনে ঐক্যৰ বাৰ্তা লৈ দেশ চলোৱাৰ কথা কৈছে আৰু আনফালে ট্ৰাম্পৰ ঘৰ ভঙাৰ উপক্ৰম হৈছে।আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত চৰ্চিত হৈছে যে হোৱাইট হাউচৰ পৰা ওলাই যোৱাৰ পিছতে ট্ৰাম্পৰ সৈতে বিচ্ছেদ ল’ব মেলানিয়া ট্ৰাম্পে।এই সংবাদপত্রতে ট্রাম্পৰ ঘনিষ্ঠ ষ্টেফানি ওকঅফে দাবী কৰিছে যে মেলানিয়াই এতিয়া অপেক্ষা কৰিছে সম্পত্তি বোজাপৰাৰ কাৰণে। ট্ৰাম্পৰ সন্তান আৰু তেওঁ যাতে সম্পত্তিৰ সমান ভাগ পায় সেয়া নিশ্চিত কৰাই মেলানিয়াৰ লক্ষ্য।ড’নাল্ড ট্রাম্প আৰু মেলানিয়ার বিবাহ হৈছিল ২০০৫ বৰ্ষত। ২০০১ চনৰ পৰা মেলানিয়া মাৰ্কিন নাগৰিক। বিগত ৫বছৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ দাম্পত্য কলহক লৈ সংবাদ শিৰোনাম হৈছে। শেহতীয়াকৈ ফাদিল হোৱা এক অডিঅ’ত ফাৰ্ষ্ট লেডী হিচাপে দায়িত্ব পালনত অনীহাৰ কথাও মেলানিয়াই উল্লেখ কৰিছিল।

Comments (0)
Add Comment