প্ৰসিদ্ধ কার্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসান।দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা জেষ্ঠ শিল্পীগৰাকীক কিছুদিন পূৰ্বে জি এম চি এইচ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।তাৰ পাছতেই বুধবাৰে নিশা প্ৰায় ১১.৩০বজাত জি এম চি হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল নব্বৈ বছৰ।
‘দৈনিক অসম’ কাকতত কাহুদি নামেৰে পকেট কাৰ্টুন অংকন কৰি প্ৰয়াত দত্তই কার্টুনিষ্ট হিচাপে আত্মপ্ৰকাশ কৰিছিল।
অসমৰ ৰাজনৈতিক ব্যংগচিত্ৰ জগতখনৰো অন্যতম বাটকটীয়া আছিল প্ৰসিদ্ধ কার্টুনিষ্টগৰাকী।এগৰাকী সফল কাৰ্টুনিষ্ট হিচাপে প্ৰয়াত শিল্পীগৰাকীয়ে
ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ ওপৰিও বিষ্ণু ৰাভা বঁটা,অমুল্য কাকতি বঁটা লাভ কৰিছিল।