বাংলা চলচ্চিত্ৰ জগতৰ মহীৰূহ অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ মহাপ্ৰস্থান।

৬১ বছৰ ধৰি বাংলা জনগনক স্বকীয় শৈলীৰে গুণমুগ্ধ কৰি ৰাখিছিল প্ৰতিভাধৰ সৌমিত্ৰ চেটাৰ্জীয়ে ।

তিনিওকালৰ অভিনেতা,কবি ও আবৃত্তিকাৰ সৌমিত্ৰ চেটাৰ্জী বাংলা ভাষী সমাজত জনপ্ৰিয় আছিল ‘ফেলুদা’ হিচাপে।

১৯৫৯ চনত অস্কাৰ বিজয়ী বাংলা পৰিচালক সত্যজিৎ ৰায়’ৰ “অপুৰ সংসাৰ” চলচ্চিত্ৰ যোগে আত্মপ্ৰকাশ সত্যজিৎ ৰায়’ৰ।

শিল্পকলাৰ বাবে প্ৰদান কৰা ফ্ৰান্সৰ সৰ্বোচ্চ পুৰস্কাৰ “Ordre des Art et des Lettres” লাভ কৰা তেওঁ প্ৰথমজন ভাৰতীয়।

জীৱনৰ ৮৫ টা বছৰ বয়সত শিল্পীৰ স্বীকৃতি হিচাপে ২০০৪ চনত ‘পদ্মভূষণ’ আৰু ২০০৬ ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁৰে সন্মানিত।

চলচ্চিত্ৰ জগতত জীৱনযোৰা সাধনাৰ বাবে দাদাচাহেব ফাল্কে বঁটাও তেওঁ লাভ কৰিছে।

তেওঁ ২০১৬ চনলৈকে ২১০-ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল।

কৰোণা আক্ৰান্ত হৈ ৬ অক্টোবৰত কলকাতাৰ ‘ভিউ নাৰ্চিংহোমত’ ভৰ্তি হৈছিল বিশিষ্ট অভিনেতা জন।

Comments (0)
Add Comment