চট পূজা উদযাপনৰ বাবে বিশেষ গাইড লাইন, চাওক কি কি ?

এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব চট পূজা। পূজা উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ গাইড লাইন।

সকলো সময়তে মাস্ক পৰিধান কৰিব লাগিব। লগতে সামাজিক দুৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক।

এটা সময়ত এটা পৰিয়ালৰ সৰ্বাধিক পাঁচ জন সদস্যইহে পূজাত ভাগ ল’ব পাৰিব।

কেৱল ধৰ্মীয় ৰীতি-নীতিৰ বাবে অন্য কোনোধৰণৰ সামাজিক অনুষ্ঠান, মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব।

চট পূজা থলীত কোনো ধৰণৰ খাদ্যৰ বিপণী বা অন্যান্য ব্যৱসায়ীক ষ্টোৰৰ অনুমতি দিয়া নহয়।

জিলা প্ৰশাসনে পূজাৰ সময়ত ব্যক্তিগত ফেৰী বা নাও ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগিব।

পূজা অনুষ্ঠিত কৰা ঠাইত কোনো ধৰণৰ পেণ্ডেলৰ অনুমতি নাথাকিব।

১০ বছৰৰ তলৰ শিশু আৰু ৬৫ ৰ উৰ্ধৰ লোক পূজা স্থলীত উপস্থিত থাকিব নোৱাৰিব ।

সকলো চট পূজা থলীত এম্বুলেন্স সাজু কৰি ৰাখিব লাগিব

এই বৰ্ষৰ চট পূজা অনুষ্ঠিত হ’ব, ব্ৰহ্মপুত্ৰ ঘাট(উজান বজাৰৰ পৰা ভৰলুমুখ), চাঞ্চালী,পাণ্ডু ঘাট, মালীগাওঁ ৰে’লৱে ষ্টেডিয়াম, বিৰুবাৰী ফিচাৰী, বশিষ্ঠ, লালমাটি, খানাপাৰা ফাৰ্মগেট, হাতীগাওঁ, জ্যোতিকুচী, নাৰেংগী, পাথৰ কোৱাৰী, নাৰেংগী, আজাৰা আৰু চন্দ্ৰপুৰ।

chhath pujaenews north eastenewsneeye of north east
Comments (0)
Add Comment