একাংশ ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ শেহতীয়া লক্ষ্য হৈ পৰিছে ফ্ৰান্স।বিগত কিছুদিন ধৰি ফ্ৰান্সৰ বিভিন্ন স্থানত একাংশ ইছলামিক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই অহাৰ মাজতে এইবাৰ দুধৰ্ষ সন্ত্ৰাসবাদী দল জইছ্-ই-মহম্মদে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক হালাল কৰাৰ ধমক প্ৰদান কৰে।’আল কালাম’ নামৰ ৱেবচাইটৰ জৰিয়তে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ধমক দিয়ে জইছ্-ই-মহম্মদ সংগঠনে।ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ফ্ৰান্সে মাত মতাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীক এইদৰে ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।উল্লেখ্য যে বিগত ৩০অক্টোবৰত ফ্ৰান্স চৰকাৰে জইছ্-ই-মহম্মদৰ ভাতৃ সংগঠন অল কায়দাৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলায় যাৰ ফলত অল কায়দাৰ প্ৰায় ৫০জন সন্থাসবাদী নিহত হয়।আনহাতে এই অভিযানৰ পাছতেই এইবাৰ অল কায়ডাৰ ভাতৃ সংগঠন জইছ্-ই-মহম্মদৰ ফ্ৰান্স ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক উদ্দেশ্যি কৰা এনে ভাবুকিয়ে দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ ওপৰত বেছ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।