ৰাজ্যবাসীৰ অহৰহ প্ৰাৰ্থনা, দোৱা অব্যাহত থকাৰ মাজতে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে ধাৰাবাহিকভাৱে তিনিটা কাৰ্যকালৰ অসমৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ বিশিষ্ট ৰাজনীতিবিদ তৰুণ গগৈৰ।শৰীৰৰ একাধিক অংগ বিকল হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মেকানিকেল ভেণ্টিলশ্বনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।
শনিবাৰে সন্ধিয়া হঠাৎ অচেতন হৈ পৰা তৰুণ গগৈক ততাতৈয়াকৈ জিএমচি এইচত ভৰ্তি কৰোৱাৰ পাছতেই চিকিৎসা অব্যাহত ৰখা হৈছে।আনহাতে প্ৰাপ্ত খবৰ অনুসৰি মেকানিকেল ভেণ্টিলশ্বনৰ দ্বাৰাই শ্বাস-প্ৰশ্বাস লৈ থকা প্ৰাক্তন মুখমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱালৈ কিছু সঁহাৰি দিয়ে।তদুপৰি স্বাস্থ্যপৰীক্ষাৰ ৰিপোৰ্টতো তেঁওৰ স্বাস্থ্য কিছু সুস্থিৰ হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে।অৱশ্যে অহা ৪৮ঘণ্টালৈ তেঁওৰ বাবে অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ হ’ব।যিহতু সচেতন অৱস্থাত নথকা তেঁওৰ দেহৰ বিভিন্ন অংগ বিকল হোৱা পৰ্যায়লৈ গতি কৰিছে সেয়েহে অসমৰ বাহিৰলৈ নিয়াৰ কোনো সম্ভাৱনা নাই বুলি জি এম চি এইচ কৰ্তৃপক্ষই সদৰী কৰিছে। ইতিমধ্যে প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুলোকে প্ৰাৰ্থনা জনাই থকাৰ বিপৰীতে তেখেতৰ শাৰীৰিক অৱস্থাৰ বুজ ল’বলৈ জুবিন গাৰ্গ,প্ৰদ্যুৎ বৰদলৈ, বদৰুদ্দিন আজমলকে ধৰি বহুসংখ্যক লোকে জিএমচিএচত উপস্থিত হয়।