১৭ডিচম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া চাৰিখন টেষ্টৰ প্ৰথমখন টেষ্টৰ পাছতেই স্বদেশলৈ উভতিব অধিনায়ক বিৰাট কোহলি।যিহেতু ২০২১চনৰ প্ৰথম ভাগতেঅধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ জীৱনলৈ নতুন সদস্য আহিব গতিকে এনে সময়ত পত্নীৰ কাষত থকাৰ বাবেই কোহলিয়ে টেষ্ট শৃংখলা আধাতে এৰি ভাৰতলৈ উভতাৰ সিদ্ধান্ত লৈছে।কিন্তু শেহতীয়াকৈ অধিনায়ক বিৰাট কোহলিৰ এই সিদ্ধান্তক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।কোহলিৰ এই সিদ্ধান্তত কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে সমৰ্থন জনোৱাৰ বিপৰীতে আন একাংশই আকৌ সমালোচনা কৰা পৰিলক্ষিত হৈছে।শেহতীয়াকৈ কোহলি বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে ভাৰতীয় ক্ৰিকেটৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কপিলদেৱ।
কপিলদেৱে কয় যে- “মই নাভাবো আমাৰ সময়ত কোনো এজন ক্ৰিকেটাৰে খেল আধাতে এৰি স্বদেশলৈ ঘুৰি অহাৰ সাহস কৰিলেহেতেন।লগতে তেঁও কয় যে, ক্ৰিকেট সূচীত ব্যস্ত থকা বাবে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে কেইবামাহলৈ পুত্ৰৰ মুখেই দেখা নাছিল।কিন্তু এতিয়া পৰিস্থিতি বহুত সলনি হ’ল। জটিল পৰিস্থিতিত পত্নীক সংগ দিবলৈ তেঁও স্বদেশলৈ উভতিব বিচাৰিছে।পযিয়ালৰ প্ৰতি থকা তেওঁৰ এই দ্বায়িত্ববোধ সচাঁকৈয়ে প্ৰশংসনীয়।উল্লেখ্য যে,এই প্ৰসংগত পূৰ্বতেও হৰভজন সিং,সুনীল গাভাস্কাকে ধৰি বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰে মন্তব্য কৰিছিল।