দ্যা হেণ্ড অৱ গ’ড ডিয়েগো ম্যাৰাডোনাৰ মহাপ্ৰস্থান—-

এটা অপ্ৰত্যাশিত দুঃখবৰে জোকাৰি গৈছে বিশ্বৰ ক্ৰীড়া জগতক।কিংবদন্তী ফুটবলাৰ ডিয়েগ’ মাৰাডোনা আৰু নাই।হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰসিদ্ধ ফুটবলাৰগৰাকীয়ে।ঈশ্বৰৰ হাত’ৰ জৰিয়তে ১৯৮৬ চনত বিশ্বৰ ক্ৰীড়া জগতত খলকনি তোলা মাৰাডোনা যোৱা নিশা হঠাতে হৃদৰোগত আক্ৰান্ত হয়।যাৰ বাবে লগে লগে তেওঁক বুয়ৰ্নছ আয়াৰ্ছৰ এখন চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ।

ফিফাৰ প্লেয়াৰ অৱ দ্য ২০ চেঞ্চুৰী সন্মানেৰে সন্মানিত মাৰাডোনাই ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত ফিফা বিশ্বকাপত তেওঁৰ যাদুকৰী গ’লেৰে ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাক বিজয়ী কৰোৱাত সহায় কৰিছিল।আনহাতে,মাৰাডোনাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে।ইংলেণ্ডৰ খেলুৱৈ মাৰকাছ ৰাছফোৰ্ডে মাৰাডোনাৰ ছবি এখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কিংবদন্তী খেলুৱৈ গৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।একেদৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰসিদ্ধ খেলুৱৈ তথা ক্লাবে মাৰাডোনাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Argentinadiego maradonaFIFA PLAYERFOOTBOLL PLAYERTHE HAND OF GODWORLD PLAY
Comments (0)
Add Comment