আৰৱ সাগৰত ভাঙি পৰিল নৌবাহিনীৰ যুদ্ধবিমান
এজন চালকক উদ্ধাৰ যদিও সন্ধানহীন সহযোগী পাইলট
ভাৰতীয় নৌ সেনাৰ প্ৰশিক্ষণৰ কৰা বিমান MIG29 বৃহস্পতিবাৰে সন্ধিয়া আৰৱ সাগৰত দুৰ্ঘটনাত পতিত হয় ।
ভাৰতীয় নৌ সেনাৰ অনুসৰি আৰৱ সাগৰৰ ওপৰত প্ৰশিক্ষণ কৰি থকাৰ সময়তে এই বিমান দুৰ্ঘটনা সংঘটিত হয় । তাৰ পাছতেই বিমান খনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।
বৰ্তমানৰ তথ্য অনুসৰি উদ্ধাৰকাৰী দলটিয়ে এজন পায়লটক জীৱন্তে উদ্ধাৰ কৰিছে । দ্বিতীয়জন পায়লট এতিয়াও সন্ধানহীন হৈ আছে যদিও এতিয়াও অভিযান অব্যাহত আছে ।
MIG29 বিমান ৰাচিয়াত নিৰ্মিত এখন যুঁজাৰু বিমান । এই বিমানৰ দৈৰ্ঘত ১৭.৩২ মিটাৰ।