প্ৰথমবাৰৰ বাবে দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে।ভাৰতৰ কেন্দ্ৰীয় পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি দেশত সৃষ্টি হৈছে তীব্ৰ মন্দাবস্থা।কিয়নো দেশৰ অৰ্থনীতি এতিয়া ঊৰ্ধগামী হোৱাৰ পৰিৱৰ্তে ঋণাত্মক দিশেহে গতি কৰিছে।চলিত বৰ্ষত দেশৰ জিডিপি সংকুচিত হৈছে ৭.৫শতাংশ।আনহাতে দেশৰ এনে অৰ্থনৈতিক শোচনীয়তাৰ অন্যতম কাৰণ মহামাৰী ক’ৰোনা আৰু অপৰিকল্পিত লকডাউন বুলি উল্লেখ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শশীকান্ত দাসে কয় যে ১৯৯৬চনৰ পাছৰ পৰা এইবৰ্ষত প্ৰথমবাৰলৈ মন্দাৰ গ্ৰাসত পৰিছে ভাৰত।ইয়াৰ বিপৰীতে চীনৰ অৰ্থনীতি ভাৰতৰ তুলনাত যথেষ্ট উন্নত।৪.৯% বৃদ্ধিৰে চীনৰ অৰ্থনৈতিক অগ্ৰগতি অব্যাহত আছে।