কেতিয়াবা হঠাতে সংঘটিত হোৱা কিছুমান ঘটনাই মানুহৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনে। তেনে এক ঘটনাই সংঘটিত হ’ল মধ্যপ্ৰদেশত।
বন্দনা নামৰ এগৰাকী ৩০ বছৰীয়া মহিলাই ৰন্ধা-বঢ়া কামত ব্যস্ত থকাৰ সময়তে এক দুৰ্ঘটনা সংঘটিত হয় ।অচম্বিতে কুকাৰৰ হুইচেল চিটিকি পৰে মহিলা গৰাকীৰ চকুত।লগে লগে মহিলা গৰাকীৰ নাক আৰু চকুৰ ২.৫ চেন্টিমিটাৰ ভিতৰলৈ সোমাই যায় হুইচেলটো ।
ইয়াৰ পিছতে মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
মহিলা গৰাকী এতিয়া জীৱিত আছে যদিও তেওঁৰ দুয়োটা চকুৱেই চিৰদিনৰ বাবে নষ্ট হৈ যায় ।