অবৈধ কয়লা মাফিয়াৰ বিৰুদ্ধে পশ্চিম বংগত চিবিআইয়ে চলাইছে জোৰদাৰ অভিযান। কয়লাৰ মাফিয়াৰ অনুসন্ধানত চিবিআইয়ে পশ্চিমবংগৰ প্ৰায় ২০টাকৈ স্থানত অভিযান চলাই । ইফালে আয়কৰ বিভাগে কয়লা মাফিয়া বুলি সন্দেহজনক ভাবে অনুপ মাঝিক জাননী দিয়ে । মাঝীৰ সৈতে সম্পৰ্ক থকা সকলো স্থানতে চিবিআইয়ে অভিযান চলাই ।
চিবিআইয়ে আসনসোল, দূৰ্গাপুৰ আৰু ৰানীগঞ্জ জিলাত এই অভিযান চলাই। কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দুৰ্নীতি নিৰপেক্ষ শাখাই এই সম্পৰ্কে তদন্ত অব্যহত ৰাখিছে । চিবিআইয়ে দুমাহ আগতে পশ্চিম বংগৰ বিভিন্ন স্থানত অভিযান চলাইচিল। তাৰ পিছত ভাৰত বাংলাদেশ সীমান্তত গৰুৰ অবৈধ সৰবৰাহৰ ক্ষেত্ৰত এই ব্যৱস্থা লোৱা হৈছিল।