বৰদিনৰ দিনা হিন্দু ধৰ্মৰ লোকে গীৰ্জাত প্ৰৱেশ কৰিলেই বিপদত পৰিব।এই সকীয়নি প্ৰদান কৰিলে বজৰং দলৰ নেতাই। কাছাৰত শনিবাৰে এখন মিটিং অনুষ্ঠিত কৰি খ্ৰীছমাচৰ দিনা কোনো হিন্দু ধৰ্মীয় লোক গীৰ্জা ঘৰলৈ গ’লেই প্ৰহাৰ কৰাৰ ভাবুকি দিছে সংগঠনটোৱে।
এই সন্দৰ্ভত বজৰং দলৰ কাছাৰ জিলাৰ সাধাৰণ সম্পাদক মিথুন নাথে কয় যে, ‘যদি বৰদিনৰ দিনা কোনো হিন্দু লোক গীৰ্জালৈ যায়, তেন্তে প্ৰহাৰ কৰা হ’ব। তেওঁলোকে শ্বিলঙত মন্দিৰ বন্ধ কৰে আৰু আমি তেওঁলোকৰ সৈতেই বৰদিন উদযাপন কৰিবলৈ যাও। এয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব । লগতে কয় যে,আমাক সকলোৱে গুন্দা গেং বুলি কয় । যদি আমাৰ হিন্দু যুৱতীক ৰক্ষা কৰাৰ কাৰণে আমাক গুন্দা বুলি কয় তেন্তে আমি গুন্দায়ে হয়।