যদি ৩/৪ ঘৰটোৰ ঘৰৰ চাদৰ পৰা মোবাইল এটা সৰি পৰে ,তেন্তে মোবাইলটো টুকুৰা-টুকুৰী হোৱাটো নিশ্চিত । এতিয়া কল্পনা কৰক যদি এটা মোবাইল আকাশৰ পৰা সৰি পৰে তেন্তে কি হ’ব ?
কিন্তু এনে এটা অবিশ্বাস্য ঘটনা ঘটিছে যিটো বিশ্বাস কৰা কঠিন ।শেহতীয়াকৈ বিমানৰ পৰা Iphone 6 এটা সৰি পৰে । স্ক্ৰিনত কেৱল কেইটামান সামান্য আঁচোৰ পৰে কিন্তু ভঙা নাই ।
টেক চাইট G1 ৰ মতে, ঘটনাটো ব্ৰাজিলৰ ।গাবিলিও নামৰ এজন পেছাদাৰী চিনেমানিৰ্মাতাই এটা প্ৰকল্পৰ বাবে এখন সৰু বিমানৰ পৰা কেইটামান শ্বট ৰেকৰ্ডিং কৰি আছিল। তেওঁৰ Iphone 6 ৰ পৰা শ্বট লব লওঁতেই খিৰিকীৰে সৰি পৰে ফোনটো ।
বিমান খন লেণ্ড কৰাৰ পাছত ফোনটো তেওঁ এটা app জৰিয়তে বিচাৰ কৰাত তেওঁৰ মোবাইলতোৰ অৱস্থান দেখা পায়।
অৱশ্যে ,সমগ্ৰ ঘটনাটোৱে পুনৰ প্ৰকাশ কৰিছে যে Apple ৰ iPhone কেৱল দামত ব্যয়বহুল নহয় ,কিন্তু তেওঁলোকে নিৰ্মাণ কৰা software আৰু Hardware উন্নত মানদণ্ডৰ বুলি পুনৰবাৰ বিশ্ববাসীৰ আগত প্ৰতিস্ফুট হয়।