বিভিন্ন বিভাগৰ খালী পদ পূৰণৰ নির্দেশ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়৷ চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ সোনকালে পূৰণ কৰাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে মুখ্য সচিবৰ লগতে বিষয়ববীয়াসকলক নির্দেশ দিয়ে৷

মুখ্যমন্ত্রী সোণোৱালে কয় যে খালী পদত নিযুক্তিৰ এই সিদ্ধান্তই ৰাজ্যখনৰ নিয়োগপ্রত্যাশী যুৱক–যুৱতীসকলক্ স্বচ্ছ আৰু নিকা পদ্ধতিৰে উপযুক্ত সংস্থাপনৰ সুযোগ দিব৷

বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনৰ সর্বস্তৰতে জনসেৱা প্রদান ব্যৱস্থাটো দ্রুততৰ কৰি তুলিবলৈও মুখ্য সচিব জিষ্ণু বৰুৱাক নির্দেশ দিয়ে। বৈঠকত শান্তনু ভৰালী, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, কর্মচাৰী বিভাগ তথা প্রশাসনিক সংস্কাৰ আৰু প্রশিক্ষণ বিভাগৰ প্রধান সচিব নিৰজ বার্মা, মুখ্যমন্ত্রীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্রৱর্তী, সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব এছ মণিৱন্বন, সাধাৰণ প্রশাসন বিভাগৰ সচিব ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment