বেয়ার্ণ মিউনিখৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট লোৱানডস্কিলৈ ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷ লিয়’নেল মেছি আৰু কৃষ্টীয়ান’ ৰোনাল্ডোক পৰাজিত কৰি শীৰ্ষত অৱতীৰ্ণ হয় ৰবাৰ্ট ৷
ইংলেণ্ডৰ মহিলা ফুটবলাৰ ডিফেণ্ডাৰ লুচী ব্ৰঞ্জক বৰ্ষশ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে ৷লিভাৰপুলৰ মেনেজাৰ জুৰগেন ক্লোপলৈ পুৰুষ শ্ৰেণীৰ বৰ্ষটোৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে ৷ মহিলাৰ শাখাত বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান আগবঢ়োৱা হৈছে চাৰিনা উইগম্যানলৈ ৷
বৰ্ষটোৰ শ্ৰেষ্ঠ গলৰ পুষ্কাছ বঁটা আগবঢ়োৱা হৈছে ট’টেনহামৰ ফুটবল ক্লাবৰ খেলুৱৈ দক্ষিণ কোৰিয়াৰ ষ্ট্ৰাইকাৰ চ’ন হুয়েং-মিনলৈ ৷
মানচেষ্টাৰ ইউনাইটেড আৰু ইংলেণ্ডৰ মাৰ্কাছ ৰাছফৰ্ডক শিশু দৰিদ্ৰতা সজাগতা অভিযানৰ বাবে সন্মানিত কৰা হয় ।ফিফা কৰ্তৃপক্ষই তেওঁৰ মহানুভৱতাৰ জৰিয়তে সমাজৰ কাম কৰি যাবলৈ ১০০,০ ডলাৰ প্ৰদান কৰে ।