মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে মাজুলীত গীৰ্জা ভঙা গোচৰত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায়দান দিয়ে।
মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে সত্ৰাধিকাৰ গোস্বামীক উক্ত গোচৰত দোষী সাব্যস্ত কৰি ১০,৫০০ টকাৰ জৰিমনা বিহে।উল্লেখযোগ্য যে, ২০১৮ চনত মাজুলীত গীৰ্জা ভঙা কেন্দ্ৰীক এক ঘটনাত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নাম সাঙোৰ খাই পৰিছিল।
ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫/২০১৯ নম্বৰৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাত গোচৰ ৰুজু কৰা হৈছিল মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত সত্ৰাধিকাৰ গৰাকীৰ বিৰুদ্ধে।
অন্যহাতে, অসন্তুষ্ট সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে এই ৰায়দানক অমান্য কৰি মাজুলীৰ মহকুমা সত্ৰ ন্যায়াধীশক
প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলি মন্তব্য কৰে।