ব্রিটেইন আৰু আমেৰিকাত ফাইজাৰ তথা বায়’এনটেক কোম্পানীয়ে প্রস্তুত কৰা ক’ভিড ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে বিশ্বৰ বিভিন্ন দেশত মহামাৰী প্রতিৰোধৰ বাবে টিকাকৰণ প্রক্রিয়া ক্ষিপ্রতৰ কৰাৰ তৎপৰতা চলিছে ৷
২০২১ৰ জানুৱাৰীৰ পৰা ভাৰতত কোভিড১৯ ভেকচিন প্রদানক লৈ চলি আছে চিন্তা–চর্চা৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে ঘোষণা কৰিছে যে আগন্তুক বর্ষৰ জানুৱাৰী মাহৰ যিকোনো এটা সপ্তাহতে দেশৰ ক’ৰোনা মহামাৰীৰ টিকাকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷
চৰকাৰে প্রথম ক’ভিড ভেকচিন কিমান দূৰ কার্যকাৰী আৰু নিৰাপদ হ’ব, সেই বিষয়টোত প্রাধান্য দিব বুলি ঘোষণা কৰিছে মন্ত্রীগৰাকীয়ে৷ ভাৰতৰ বিজ্ঞানী তথা চিকিৎসা বিশেষজ্ঞসকল বিৰামহীনভাৱে ভেকচিন প্রস্তুতৰ কামত লাগি আছে৷ গতিকে এইক্ষেত্রত ভাৰতে প্রত্যাশিতভাৱে সুফল পাব বুলিও মন্তব্য কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
আগন্তুক ৬–৭ মাহৰ ভিতৰত ভাৰতে ৩০ কোটি লোকক ক’ভিড–১৯ৰ ভেকচিন প্রদান কৰিবলৈ সক্ষম হ’ব বুলিও মন্ত্রী গৰাকীয়ে ঘোষণা কৰিছে ৷
ভাৰতত ছটাকৈ ক’ভিড ভেকচিনৰ পৰীক্ষা বিভিন্ন পর্যায়ত চলি আছে৷ ক্লিনিকেল পৰীক্ষা চলি থকা এই ভেকচিনকেইটা হৈছে ক’ভিশ্বিল্ড, ক’ভাক্সিন, জাইক’ভ–ডি, স্পুটনিক–ভি, এন ভি এক্স, চি অ’ ভি–২৩৭৩ আৰু প্র’টিন এণ্টিজেননির্ভৰ ভেকচিন ৷