ক’ৰোনাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাকে ধৰি কেইবাজনো তাৰকাক আটক কৰিছে আৰক্ষীয়ে। মুম্বাইৰ এটা ক্লাবত পাৰ্টি কৰাৰ অভিযোগত আটক কৰা হৈছে প্ৰায় ৩৪ জন লোকক ।
আটক কৰা ৩৪ জন লোকৰ ভিতৰত আছে ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গায়ক গুৰু ৰন্ধাৱা লগতে আন বহুকেইজন ।
ইতিমধ্যে সুৰেশ ৰাইনা আৰু গুৰু ৰন্ধাৱাই পিছত জামিন লাভ কৰে। ইয়াৰ উপৰিও, কেইবাগৰাকীও মহিলাক আটক কৰা হৈছিল।
মুম্বাই আৰক্ষীৰ সূত্ৰৰ মতে, সুৰেশ ৰাইনাৰ বাহিৰে অন্য তাৰকাসকলে ক্লাবটোৰ পিছফালৰ পৰা পলায়ন কৰে। ইতিমধ্যে সুৰেশ ৰাইনাকে ধৰি এই তাৰকাসকলৰ ওপৰত আই পি চিৰ ১৮৮, ২৬৯ আৰু ৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
যিহেতু মুম্বাইত এতিয়াও লকডাউনৰ নিয়ম অব্যাহত আছে বাবে নিশা ১১ বজাৰ পাছত যিকোনো পাৰ্টি বা ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকা বা আয়োজন কৰাত নিষেধ আছিল।