ক’ভিড-১৯মহামাৰী প্ৰতিৰোধৰ বাবে বিশ্বজুৰি চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলে ভেকচিন প্ৰস্তুতৰ বাবে অহৰহ চেষ্টা চলাই অহাৰ সময়তে এক অপপ্ৰচাৰে সম্প্ৰতি মুছলমান আৰু ইহুদি লোকসকলৰ মাজত তীব্ৰ শংকাৰ সৃষ্টি কৰিছে।কিয়নো কোৱা হৈছে যে, কোভিড ভেকচিন নিৰ্মাণৰ ক্ষেত্ৰত গাহৰিৰ মাংস ব্যৱহাৰ কৰা হয়।আনহাতে এই খবৰটোক কেন্দ্ৰ কৰিয়েই একাংশ মুছলমান ধৰ্মীয় নেতাৰ মাজতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।এই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ এগৰাকী মুছলমান নেতা মৌলানা খালিদ ৰছিদ ফিৰাংগি মাহালিয়ে এই ক্ষেত্ৰত কয় যে- ক’ভিড মহামাৰীৰ ভেকচিন সকলো ধৰ্মৰ লোকে গ্ৰহণ কৰা উচিত ।