পশ্চিমবংগত তৃণমূল কংগ্রেছৰ বহু নেতাই বিজেপিত যোগদান কৰাৰ সময়তে ৰাজ্যখনৰ ভাৰতীয় জনতা যুৱ মর্চা (বিজেৱাইএম)ৰ সভাপতি সৌমিত্র খানৰ পত্নী সুজাতা মণ্ডল খানে যোগদান কৰিছে তৃণমূল কংগ্রেছত৷ৰাজ্যখনত মূল বিৰোধী
দল হিচাপে থকা বিজেপিয়ে অন্য দলৰ দুর্নীতিগ্রস্ত আৰু ক্ষমতালোভী নেতাসকলক বিভিন্ন পদত বহুওৱা বুলি অভিযোগ কৰিছে সুজাতা মণ্ডল খানে৷ মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে বিজেপিৰ সংকটৰ সময়ত তেওঁ দলৰ বাবে যথেষ্ট কাম কৰিছিল যদিও এতিয়া দলটোৰ প্রতি কোনোধৰণৰ সন্মান নাই৷
আনহাতে, সুজাতাৰ এই সিদ্ধান্তৰ পিছতে ৩৯ বছৰীয়া স্বামী সৌমিত্র খানে এক সংবাদ মেলৰ আয়োজন কৰি ঘোষণা কৰিছে যে ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ পত্নীলৈকে বিবাহ বিচ্ছেদৰ জাননী প্রেৰণ কৰিব৷
প্রাক্তন টি এম চি নেতা সৌমিত্র খানে ২০১৯ চনত বিজেপিত যোগদান কৰিছিল৷ লোকসভা নির্বাচনত বিষ্ণুপুৰ সমষ্টিৰ পৰা টি এম চি সাংসদ হিচাপে বিজয়ী হোৱা সৌমিত্র খানে পৰৱর্তী সময়ত বিজেপিৰ পৰা একেটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰে৷