ক’ভিড -১৯ এ পুনৰ জোকাৰি যোৱা ব্ৰিটেইনৰ ঘটনা সমূহে বিশ্ববাসীক চিন্তিত কৰি তোলাৰ সময়তে ইউৰোপীয় দেশৰ পৰা অহা পৰ্যটক সকলৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰিছে মেঘালয় চৰকাৰে ।
মেঘালয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ,ব্ৰিটেইনৰ পৰা অহা বা সেই দেশসমূহৰ পৰা ভ্ৰমণ কৰি অহা লোক সকলক চিনাক্ত কৰি পৃথকে থাকিবলৈ আৰু ভ্ৰমণৰ বিষয়ে চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনাইছে ।
মুখ্য সচিব এম এছ ৰাওৱে বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি কয়, কৰোনা মহামাৰীৰ নতুন সংক্ৰমণৰ পৰা লক্ষ্য ৰাখি ব্ৰিটেইনৰ পৰা অহা পৰ্যটক সকলক প্ৰৱেশ নিষিদ্ধ হোৱাকৈ তাৎক্ষণিক ভাবে কাৰ্যপন্থা হাতত লওক ।
তেওঁ লগতে জনায় যে ,’২৫ নবেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ যি সকল লোকে ভ্ৰমণ কৰিছে ৰাজ্য খনৰ ভিতৰত তেওঁলোকে পৰ্যটন বিভাগক অৱগত কৰিব লাগিব লগতে আৰটি – পিচিআৰ টেষ্ট কৰিব লাগিব ‘ ।