২০২১ বৰ্ষৰ প্ৰথমটো দিনত সমগ্ৰ বিশ্বতে ৩,৭১,৫০০ গৰাকী শিশুৰ জন্ম হয় । ইয়াৰ ভিতৰত ভাৰতত আটাইতকৈ বেছি শিশুৰ জন্ম হয় । ভাৰতত প্ৰায় ৬০ হাজাৰ শিশুৰ জন্ম হৈছে আৰু এই তথ্য প্ৰকাশ কৰে ইউনিচেফে(UNICEF) ।
২০২১ বৰ্ষৰ প্ৰথমটো শিশু ফিজিত জন্ম হোৱাৰ লগতে শেষৰটো শিশু আমেৰিকাত জন্ম হৈছে ।
ইউনিচেফে(UNICEF) প্ৰকাশ কৰা বিশ্বৰ কেইখন মান দেশত জন্ম হোৱা শিশুৰ সংখ্যা হৈছে – ভাৰতত ৫৯,৯৯৫, চীনত ৩৫,৬১৫, নাইজেৰিয়াত ২১,৪৩৯, পাকিস্তানত ১৪,১৬১, ইণ্ডোনেছিয়াত ১২,৩৩৬, আমেৰিকাত ১০,৩১২, মিস্ত্ৰত ৯,৪৫৫, বাংলাদেশত ৯,২৩৬ আৰু কংগো গণৰাজ্যত ৮,৬৪০ শিশুৰ জন্ম হয় ।