ঘটনাটো উত্তৰ প্ৰদেশৰ। নৱবৰ্ষৰ আৰম্ভণিতে আকৌ এবাৰ সোঁৱৰাই দিলে দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ নিষ্ঠুৰতা। মধ্য বয়সীয়া এগৰাকী মহিলা বলি হ’ল গণ ধৰ্ষণৰ। ষ্টাইল একেই, নিৰ্ভয়াৰ দৰে এই মহিলাগৰাকীৰো গোপন অংগত ধৰ্ষণৰ পিছত সোমাই দিয়া হ’ল ৰড। প্ৰচুৰ ৰক্তক্ষৰণ হৈ মৃত্যু মুখত পৰে দুৰ্ভগীয়া মহিলাগৰাকী।
হাস্পতালৰ ৰিপ’ৰ্ট অনুযায়ী নিৰ্যাতিতাৰ গোপন অংগৰ কেইবাডালো হাঁড় ভাঙিছিল। এই ঘটনাৰ পাছতে বিজেপি শাসিত ৰাজ্য খনত মহিলাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠিছে। হাথৰছৰ ধৰ্ষণ- হত্যাৰ পাছত এই ঘটনাই অস্বস্থিত পেলাইছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক। দেওবাৰে সন্ধিয়া বদাইউনৰ এটা মন্দিৰত পুজা দিবলৈ যোৱাৰে পৰা নিৰুদিষ্ট হৈ আছিল মহিলা গৰাকী।
মহিলাগৰাকীক যিটো স্থানত ধৰ্ষণ কৰি পেলাই থৈ গৈছিল, তাৰ স্থানীয় ৰাইজৰ ভাষ্য এনেধৰণৰ -দেওবাৰে ৰাতি প্ৰায় বাৰ বজাত এখন গাড়ী দ্ৰুতগতিত ঠাই খনৰ পৰা আতৰি গৈছিল। চালকৰ লগতে আৰু দুজন লোক বহি থকা প্ৰত্যক্ষ কৰিছিল অঞ্চলটোৰ কিছুসংখ্যক লোকে। তাৰপাছতে মহিলাগৰাকীক স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল আৰু ৰক্তক্ষৰণ হৈ থকা অৱস্থাত দেখিছিল। কিছু সময়ৰ পিছতেই শেষ নিশ্বাস ত্যাগ কৰিছিল মহিলাগৰাকীয়ে। আৰক্ষীৰ সন্দেহ মন্দিৰটোৰ পুৰুহিতৰ লগতে সাঙগো পাঙগ এই ঘটনাৰে জড়িত।