কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা, ধূমপান কৰাৰ বাবদ যাব লাগিব জেললৈ

ধূমপান কৰিলে ভৰিব লাগিব জৰিমনা ,ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱনৰ ক্ষেত্ৰত কঠোৰ স্থিতি হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে।শেহতীয়াকৈ তাৰে ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ক্ষেত্ৰত আইনী বয়স ১৮ বছৰৰ পৰা ২১ লৈ বৃদ্ধি কৰাৰ যো-জা চলাইছে।

২০২০ৰ খচৰাত প্ৰকাশ পোৱা অনুসৰি ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ আইনী বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ খচৰাত প্ৰস্তুত কৰি তোলা নতুন আইনখনত উত্থাপন কৰা হৈছে এই কথা।এই নতুন বিলখনেৰে ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰী আইন, ২০০৩ৰ সংশোধন কৰিবলৈ চেষ্টা কৰিছে ।

প্ৰস্তাৱিত নতুন বিলখনৰ তথ্য অনুসৰি চিগাৰেট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক ক্ষতি কৰাৰ সম্ভাৱনা আছে। কঠোৰ নীতি বলৱৎ কৰাৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰাৰ সংকেত পোৱা গৈছে ।

বিলখনৰ এই ৭ নং ধাৰা অৱমাননা কৰা সকলে ২ বছৰ পৰ্যন্ত কাৰাবাস খটাৰ লগতে ১ লাখ টকা জৰিমনা আৰু দ্বিতীয়টো উলংঘা কৰা সকলে ৫ বছৰ কাৰাবাস খটাৰ লগতে ৫ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।
অভৈধভাৱে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে দুবছৰ কাৰাবাস আৰু ১ লাখ টকা জৰিমনা পৰ্যন্ত হ’ব পাৰে ।ইফালে নিষিদ্ধ ঘোষিত অঞ্চলত ধূমপান কৰিলে ২০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

best web portal in assamcentral governmentenewsnenew rule regulationssmokingtop web portal in assam
Comments (0)
Add Comment