ভাৰতত কৰ’না ভেকচিন লৈ স্বাস্থ্যকৰ্মীৰ মৃত্যু ,২৪ঘণ্টাৰ পূৰ্বে লৈছিল ভেকচিন

স্বাস্থ্যকৰ্মীৰ মৃত্যুক লৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ দেশত ,উত্তৰ প্ৰদেশৰ মোৰদাবাদ জিলাৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ মৃত্যু ।

৪৬বছৰীয়া মহিপাল নামৰ ব্যক্তি গৰাকী জিলা হস্পিতালৰ ৱাৰ্ড বয় ৰূপে কৰ্মৰত আছিল।

১৬জানুৱাৰিত টীকাকৰণ অভিযানত ৱাৰ্ড বয় গৰাকীয়ে গ্ৰহণ কৰিছিল টীকা ,দেওবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতে মৃত্যু মুখত পৰে লোকজন ।

মোৰদাবাদৰ মুখ্য চিকিৎসকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে, মৃত ব্যক্তিগৰাকী পূৰ্বে কৰ’না আক্ৰান্ত নাছিল ।প’ষ্টমৰ্টেম কৰাৰ পাছত হে মুকলি হ’ব ভেকচিনৰ প্ৰতিক্ৰিয়াৰ ৰ বাবে মৃত্যু হৈছে নে অন্য ৰোগৰ বাবে মৃত্যু হৈছে ।

মৃত স্বাস্থ্যকৰ্মীৰ পুত্ৰ মহিপালৰ পুত্ৰ বিশালে জনোৱা মতে ,আজি পুৱা তেওঁ যেতিয়া কৰ্তব্যৰ পৰা উভতি আহিছিল তেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা খুব বেয়া হৈছিল ।

ঘৰৰ লোকে ১০৮ নম্বৰত ফোন কৰিছিল যদিও তেওঁলোকে অহাত পলম কৰে । পুত্ৰই লগতে জনায় শ্বাসকষ্ট আৰু কাঁহ হৈছিল ভেকচিন লোৱাৰ পাছৰ পৰাই ।


বিশালে লগতে কয় যে তেওঁৰ পিতৃ কৰ’না পজিটিভ নাছিল।তেওঁৰ নিউমোনিয়া হৈছিল ।অৱশ্যে ,এতিয়াও এই ঘটনাৰ কোনো তথ্য পৰিষ্কাৰভাৱে পোহৰলৈ অহা নাই

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment