৬৫ বছৰ গা-নুধুৱা বিশ্বৰ কোন এইজন ব্যক্তি ?

আপুনি বাৰু গা নুধুৱাকৈ কিমান দিন থাকিব পাৰিব? হয়টো এসপ্তাহ বা ১০দিন কিন্তু এইবাৰ ৬৫বছৰ একেৰাহে গা নুধুৱা এজন ব্যক্তিৰ সন্ধান পোৱা গৈছে ।

বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি ৰূপে স্বীকৃতি পাইছে ইৰাণৰ এগৰাকী ৮৩ বছৰীয়া বৃদ্ধ আমৌ হাজী ।

পানীলৈ ভয় কৰা হাজীয়ে ছটা দশক ধৰি গা ধোঁৱা নাই । ইৰাণৰ মৰু অঞ্চলত অকলেই বাস কৰে আমৌ হাজিয়ে ।

গাঁৱৰ লোকে থাকিবলৈ বাসগৃহ নিৰ্মাণ কৰি দিছিল কিন্তু পছন্দ অনুসৰি গাঁৱৰ বাহিৰত থকা এটা গাতৰ ভিতৰত থাকি দিন কটাই ভাল পায় হাজীয়ে ।

প্ৰতিদিনে ৫লিটাৰ পৰ্যন্ত পানী খায় তেওঁ এটা জীৰ্ণ তেলৰ পাত্ৰত ।
চিগাৰেটৰ প্ৰতি আসক্তি থকা হাজীয়ে জন্তুৰ শুকান পদাৰ্থকে জ্বলাই হোপে বুলি তেওঁ জনায় ।

কম বয়সতে আবেগৰ বশৱৰ্তী হোৱাৰ পাছত পৃথিৱীৰ সকলো মায়ামোহ পাহৰি নিসংগ জীৱন কটোৱাৰ পথ বাছি লৈছিল আমৌ হাজীয়ে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment