মামা-মামীৰ আগমনৰে শুভাৰম্ভ হ’ল গোভা দেউৰজাৰ ঐতিহাসিক জোন বিল মেলা ।

তিৱা জনগোষ্ঠীয় ৰাইজৰ ইতিহাস আৰু ভৱিষ্যতৰ বাকজৰী ডাল বান্ধি লৈ ঐতিহাসিক জোনবিল মেলাখন আজিৰ পৰা তিনিদিনীয়াকৈ জাগীৰোড-মৰিগাঁও সংযোগী পথৰ দাঁতিত জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে,আধুনিক সমাজ ব্যৱস্থাৰ ধামখুমীয়াত সমাজখনৰ বহুতো আমূল পৰিবৰ্তন হৈছে যদিও তাৰ মাজতে গোভা ৰজাই নিৰ্ধাৰণ কৰি দিয়া সময় তথা দিনটোতেই এতিয়াও অনুষ্ঠিত হৈ আহিছে জোনবিল মেলা।

একবিংশ শতিকাৰ আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সমাজৰ মাজতেই এদিনৰ বাবে স্তব্ধ হৈ পৰিব মুদ্ৰাৰ প্ৰচলন।

বিশ্বৰ কনিষ্ঠতম গোভা ৰজা দীপসিং দেওৰজাই পাৰিষদবৰ্গৰ সৈতে সমূহীয়াকৈ আজি ভোজভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।

পাহাৰ-ভৈয়ামৰ মামা-মামীসকলে পাহাৰত উৎপাদিত আলু কচু আদি সামগ্ৰীৰ সম্ভাৰেৰে কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিত আৰম্ভ হ’ব বিনিময় প্ৰথা, একেলগে কৰিব সমূহীয়া মৎস্য চিকাৰ।

এই বিনিময় প্ৰথাক সজীৱ কৰি তুলিবলৈ ২১ জানুৱাৰিত ভৈয়াম পাবহি কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰীয়া জনগোষ্ঠীয় লোকসকল।

একবিংশ শতিকাতো ধনৰ মোহ এৰি মামা-মামী সম্বোধনেৰে ভাৱ বিনিময়ৰ লগতে বিনিময় কৰিব খাদ্য সামগ্ৰী। জোনবিল মেলালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহশ্ৰাধিক লোকৰ উপৰিও বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকৰ আগমন ঘটে ।

মনকৰিবলগীয়া যে অতীতৰ সাতোৰজা,পাচোঁৰজাসকলৰ প্ৰতীকী অৰ্থত থকা বৰ্তমানৰ ৰজাসকলৰ নাই সুকীয়া ৰাজ্য, নাই সুকীয়া প্ৰশাসনিক ক্ষমতা।
অতীতৰ আহোম আৰু ব্ৰিটিছৰ শাসন কালৰে পৰা শোষিত হৈ অহা এই ৰজাসকলক বৰ্তমান চৰকাৰখনে সাহায্য প্ৰদান কৰি আহিছে।

এই প্ৰতীকী ৰজাসকলৰ বৰ্তমান অৱস্থা পুতৌজনক।
২৩ জানুৱাৰিত অসম চৰকাৰৰ তৰফৰ পৰা ৰাজভাট্টা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment