১২ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰিছিল সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই।
শোণিতপুৰ জিলাত বন্ধৰ প্ৰভাৱ তেজপুৰৰ লগতে জিলা খনতে সৰ্বাত্মক ৰুপে পৰা পৰিলক্ষিত হয়।
এই বন্ধক শোণিতপুৰ জিলাৰ সচেতন মহলে সঁহাৰি জনোৱাৰ বাবে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সকলোকে ধন্যবাদ জনাইছে।
’বন্ধ সংস্কৃতিৰ আমিও বিৰোধিতা কৰো” বুলি এক বিবৃতি যোগে জনায় সদৌ শোণিতপুৰ জিলা ছাত্র সন্থাই ।
পেটে ভাতে খাই থকা দিন হাজিৰা কৰা লোকসকলৰ প্ৰতি কভিড মহামাৰীৰ সময়ছোৱাত উপাৰ্জন বন্ধ হোৱা লোকক ছাত্ৰ সন্থাই জিলাই জিলাই গৈ সহায়ৰ হাত আগবঢ়াইছিল।
কিন্ত যেতিয়া জাতিৰ স্বাৰ্থত ওলাই অহা গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি সন্মান নজনাই, গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত বহিৰাগত CRPFএ আহি খিলঞ্জীয়া ছাত্ৰ আৰু ছাত্ৰীক নিৰ্মম ভাবে প্ৰহাৰ কৰে তেতিয়া কিছুমান কঠোৰ সিদ্ধান্ত লবলৈ আমিও বাধ্য হৈ পৰো।’
অত্যৱশ্যকীয় সেৱা, বিয়াৰ যাত্ৰী আদিক অৱশ্যে এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলিও জনায় ।