বিমান বন্দৰৰ ৰাণৱেত দপ দপাই জ্বলিল এখন বিমান।

বিমান বন্দৰৰ ৰাণৱেত উৰিবলৈ বুলি গতি লোৱাৰ সময়তে ঘটি গ’ল ভয়ংকৰ দুৰ্ঘটনা।
এই শোকাৱহ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে ব্ৰাজিলত।

ৰাণৱেৰে গতি কৰা বিমান খনে আকাশলৈ উৰি যোৱাৰ সলনি পোনে পোনে গৈ খুন্দা মাৰিলে ৰাণৱেৰ একেবাৰে শেষৰ ভাগত থকা এখন পকী দেৱালত।
মুহূৰ্তৰ ভিতৰতে দাউ দাউকৈ জ্বলি উঠিল বিমান খন।

বিমান বন্দৰত কৰ্মৰত উদ্ধাৰকাৰীৰ সষ্টম দল দৌৰি আহিল ঘটনাস্থলীলৈ ।

ইতিমধ্যে বিমান খনত চাৰিওকাশৰ পৰা যাত্ৰীসকলক চানি ধৰিছিল জুইৰ লেলিহান শিখাই।

চাৰি গৰাকী খেলুৱৈৰ লগতে তেওঁলোকৰ ক্লাবৰ প্ৰেচডেণ্টৰ লগতে পাঁচজন লোকৰ মৃত্যু ঘটে ঘটনাস্থলীত ।

ব্ৰাজিলৰ পালমাছ ফুটবল দলটোৰ খেলুৱৈ কেইজনে গইয়ানিয়া অভিমুখে যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত নিহত ফুটবলাৰ কেইজন হৈছে ক্ৰমে লুকাছ প্ৰচেদেছ,গিলেৰ্মে নো,ৰানুলে আৰু মাৰ্কাছ মলিনাৰ।

ব্ৰাজিলিয়ান কাপৰ মেচ খেলাৰ বাবে তোকানতিয়েছৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল খেলুইকেইজনে ।

এই দুৰ্ঘটনাত ক্লাবটোৰ প্ৰেচিডেণ্টৰ লগতে বিমান খনৰ পাইলট জনৰো মৃত্যু ঘটিছে।

দেওবাৰে সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাই এতিয়া শোকাহত কৰি তুলিছে সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক।

ইয়াৰ পূৰ্বেও ২০১৬ চনৰ ২৮ নৱেম্বৰতো ব্ৰাজিলৰ শ্বাপেকোয়েনছত বিমান দুৰ্ঘটনাত কলম্বিয়াৰ এটা ফুটবল ক্লাবৰ ৭৪ জন খেলুৱৈৰ ভিতৰৰে অধিকাংশৰে মৃত্যু ঘটিছিল।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment