চীনক চেৰ পেলাই ‘বিশ্বৰ অৰ্থনীতিত’ ভাৰতৰ প্ৰথম খোজ

ভাৰতীয় অৰ্থনীতিৰ বাবে ভাল খবৰ। আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে ২০২১ চনৰ ভিতৰত ভাৰতত ১১.৫% বৃদ্ধিৰ হাৰৰ ভৱিষ্যতবাণী কৰিছে। সংস্থাটোৰ মতে, ক’ভিড পৰিস্থিতিত, ভাৰত হৈছে একমাত্ৰ দেশ যাৰ অৰ্থনৈতিক বিকাশৰ হাৰ দ্ৰুত গতিত বৃদ্ধি হৈছে।

ভাৰতৰ পিছত  আইএমএফৰ পূৰ্বানুমান তালিকাত চীনক স্থান দিয়া হৈছে। এইক্ষেত্ৰত, ২০২১ চনত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮.১% হ’ব বুলি অনুমান কৰা হৈছে। উল্লেখ যে, ২০২০ বৰ্ষত চীনৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ২.৩ শতাংশ। আনহাতে আইএমএফে প্ৰকাশ কৰা অনুসৰি ২০২২ বৰ্ষত ভাৰতৰ এই হাৰ ৬.৮ শতাংশ আৰু চীনত ৫.৬ শতাংশ বৃদ্ধি পাব। সেই সন্দৰ্ভতে ভাৰতক ‘বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি’ হিচাপে চিনাক্ত কৰা হৈছে। 

“উন্নয়নশীল দেশসমূহত ঘৰুৱা মুঠ উপাদনৰ হাৰ ৬ শতাংশ। ভাৰত এই ক্ষেত্ৰত কিছু আগবাঢ়ি আছে। এয়া ভাৰতৰ বাবে ভাল খবৰ, এতিয়াও আৰু কিছু বিকাশৰ সম্ভাৱনা আছে” এই মন্তব্য আইএমএফ প্ৰধানৰ। কেৱল এয়াই নহয়, ভাৰতৰ এই বিকাশত পূৰ্ণ সদিচ্ছা প্ৰকাশ কৰিছে আইএমএফ প্ৰধান গৰাকীয়ে।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment