নাবালিকাক হাত দিলে অপৰাধ নহয় ,উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

বোম্বে উচ্চ ন্যায়ালয়ে আজি কিছু দিনৰ আগতে এটা ৰায়দান প্ৰদান কৰি কৈছিল যে এগৰাকী  কাপোৰৰ ওপৰদি এগৰাকী কিশোৰীৰ বুকুত হাত দিলে সেই অপৰাধক POCSO এক্টৰ অধীনত নহয় ভাৰতীয় দণ্ডবিধি আইনৰ অধীনতহে অপৰাধ হিচাপে গণ্য কৰা হ’ব।

বোম্বে উচ্চ ন্যায়ালয়ৰ সেই ৰায়ৰ পিছতেই দেশত বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেই ৰায়ৰ বিৰুদ্ধে য়ুথ বাৰ এছচিয়েছনে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বোম্বে উচ্চ ন্যায়ালয়ৰ সেই আদেশত  উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে।

বোম্বে উচ্চ ন্যায়ালয়ে এটা ৰায় প্ৰদান কৰিছিল যে এগৰাকী নাবালিকাক কাপোৰ পিন্ধি থকা অৱস্থাত তেওঁৰ শৰীৰত হাত দিলে, সেই কথাটোক POCSO (Protection of Children from Sexual Offences) অধীনত যৌন নিৰ্যাতন (চেক্সচুৱেল এছল্ট) হিচাপে গণ্য কৰা নহ’ব। তাৰ বিপৰীতে ভাৰতীয় দণ্ড বিধি আইন IPCৰ ধাৰা ৩৫৪ ৰ অধীনত থকা অপৰাধৰ শ্ৰেণীত গণ্য কৰা হ’ব। 

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment