২০২০ বৰ্ষৰ পদ্মশ্ৰী বঁটাৰ তালিকাত এজন চাইকেল মেকানিক ।

২০২০ বৰ্ষৰ পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত হৈছে এগৰাকী চাইকেল মেকানিক । মহম্মদ শ্বৰীফ নামৰ ব্যক্তি গৰাকীয়ে সামাজিক কৰ্মত নিঃস্বাৰ্থ ভাবে দেখুৱাই অহা দক্ষতা অনুসৰি প্ৰদান কৰিব এই বঁটা ।
যোৱা ২৭বছৰে অচিনাক্ত মৃতদেহবোৰ সম্পূৰ্ণ ৰীতি নীতিৰে সৎকাৰ কৰি আহিছে ‘শ্বৰীফ চাচা’ ওৰফে মহম্মদ শ্বৰীফ ।
৭২ ঘণ্টাতকৈ অধিক সময় যদি কোনো অচিনাক্ত ব্যক্তিৰ সম্ভেদ পোৱা নাযায় তেন্তে শ্বৰীফ চাচাক সেই মৃতদেহ গতাই দিয়ে বিভিন্ন লোকে । তেওঁ নিতৌ চিকিৎসালয় ,আৰক্ষী থানা ,ৰেল ষ্টেচন নতুবা অন্যান্য বিভিন্ন স্থানত মৃতদেহ সমূহ বিচাৰি যায় ।

বিগত ৭২ বছৰে তেওঁ প্ৰায় ২৫০০০তকৈ অধিক লোকৰ মৃতদেহ সৎকাৰ কৰিছে ।

উত্তৰ প্ৰদেশৰ ফাজীয়াবাদত থকা ৮২বছৰীয়া চাচা ই ধৰ্ম জাত-পাতৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাকৈ নিষ্ঠাৰে ধাৰাবাহিক ভাবে কৰি আহিছে নিজৰ কৰ্ম।
২৭বছৰ পূৰ্বে পুত্ৰ সন্তানৰ পদপথত পুত্ৰৰ শৰীৰৰ বিভিন্ন অংশ মৰ্মান্তিক ছিন্ন ভিন্ন হৈ পৰি আছিল ।

পুত্ৰ সন্ধানহীন হোৱাৰ পাছত এনেদৰে নিজ সন্তানক পদপথত বিভৎস ৰূপত দেখা পাই তেওঁ সংকল্প লৈছিল অচিনাক্ত ব্যক্তিৰ মৃতদেহবোৰ সৎকাৰ কৰি যাব যাতে তেওঁৰ পুত্ৰৰ দৰে অন্যলোকৰো এনেকুৱা কৰুণ অৱস্থা নহয়।
তেতিয়াৰে পৰা তেওঁৰ এই যাত্ৰা অব্যাহত আছে ।

অৱশেষত সকলোৰে আদৰৰ মহম্মদ শ্বৰীফৰ এই ব্যতিক্ৰমী পদক্ষেপৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়ায় ।
মহম্মদ শ্বৰীফৰ মতে – “কি হিন্দু ,কি মুছলমান ,সৰ্বপ্ৰথম ইনচান” ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment