প্ৰতিদিনেই সংঘটিত হৈ আহিছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷
এইবাৰ ছয় লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰী ৷
এই জঘন্য ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাধুপ্ৰদা গাঁৱত।
ঘটনা অনুসৰি কিশোৰীৰ পিতৃ , কন্যা আৰু নাতিনীয়েকক বাইকেৰে থ’বলৈ গৈছিল মানঝাৰ এটা অভিযুক্তই ৷
ইয়াৰ পাছতে ৰাস্তাৰ মাজত সুৰাপান কৰিবলৈ লৈছিল অভিযুক্তই ৷
তাৰ পাছতেই আন পাঁচটা অভিযুক্তই যোগ দিছিলহি এই কাণ্ডত ৷
এই ঘটনাৰ পাছতেই আটাইকেইটা লম্পটে পাহাৰৰ ওপৰলৈ লৈ যায় পৰিয়ালটোক ৷ কিশোৰী গৰাকীক টানি আনি আটাইকেইটা লম্পটে ধৰ্ষণ কৰে আৰু বাকীকেইজন সদস্যক হত্যা কৰি পাহাৰতে পুতি থয় ৷
আনহাতে পৰিয়ালৰ সদস্য নিৰুদ্দেশ হৈ থকাৰ বাবে আন মৃত ব্যক্তিজনৰ পুত্ৰই এজাহাৰ দাখিল কৰাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ৷