নিৰ্বাচন আহিছে। ব্যস্ত সকলো ৰাজনৈতিক দল। প্ৰতিদিনেই বিভিন্ন স্থানত সভা–সমিতি। ভীষণ ব্যস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভোটাৰৰ মন জয় কৰাত ব্যস্ত মন্ত্ৰীগৰাকী।
২০–২৫ কিলোমিটাৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰি গৰম কৰি তুলিছে নিৰ্বাচনী বতাহ। বৃহস্পতিবাৰে বৰছলাত এক চাইকেল ৰেলীত অংশ লোৱাৰ সময়তে ঘটিল অঘটন।
চাইকেল চলাই চলাই সমৰ্থকৰে কৰমৰ্দন কৰাৰ সময়তে ভাৰসাম্য হেৰুৱাই এখন ৰখাই থোৱা ট্ৰেক্টৰৰ ফালে আগুৱাই যায় হিমন্ত বিশ্ব শৰ্মাৰ চাইকেলখন।
কোনোমতেহে ট্ৰেক্টৰখনত খুন্দা মৰাৰ পৰা ৰক্ষা পৰে মন্ত্ৰীগৰাকী। তাৰ পিছত পুনৰ ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।